দুটি ওঁঠে এবাৰ, কোৱানা সঁচাকৈ

মৰম আছে কিমান, তোমাৰ বাৰু মোলৈ

অবুজন হৈ মনে মোৰ কয়

মই থাকিব বিচাৰোঁ সদায়

তোমাৰ মৰম লৈ ...

 

মৰমৰে পিয়াহ মোৰ আঁতৰাবলৈ

কোৱা কিয় বাৰু যাওঁ নাদৰে কাষলৈ

তোমাৰে হিয়াৰ পুখুৰীটোলৈ

ঢাপলি মেলোঁ বলিয়াটো হৈ

মই থাকিব বিচাৰোঁ সদায়

তোমাৰ মৰম লৈ ...

 

উমি উমি জ্বলা জুই জ্বলে দেৰিলৈ

একা-বেঁকা নদী বয় বহু দূৰলৈ

নাথাকিবা দেই একা-বেঁকা হৈ

কৈয়ে দিয়াচোন চিধা চিধিকৈ

মই থাকিব বিচাৰোঁ সদায়

তোমাৰ মৰম লৈ ...